Assamese Wikimedia
52 subscribers
4 photos
37 links
অসমীয়া ৱিকিমিডিয়া প্ৰকল্পসমূহৰ বাতৰি।
Download Telegram
𝐓𝐀𝐋𝐄𝐒 𝐅𝐑𝐎𝐌 𝐓𝐇𝐄 𝐇𝐈𝐆𝐇𝐋𝐀𝐍𝐃𝐒
#ASSAM

চকলং হৈছে আহোমসকলৰ পৰম্পৰাগত বিবাহ পদ্ধতি। কথিত আছে যে এই বিবাহ পদ্ধতি পোন প্ৰথমে দেৱতা লেংডনে অক-কাই-মহুং দেৱতা ৰজাৰ জ্যেষ্ঠা কন্যা নাং-হুন-ফাক বিয়া কৰোঁতেই আৰম্ভ হ’ল আৰু তাৰ পিছৰ পৰাই টাই লোকসকলৰ মাজত প্ৰচলিত হৈ আহিছে। উল্লেখ্য যে চকলংৰ বেদী সাতোটা ৰঙেৰে এপাহ পদুম ফুলৰ আকৃতিৰে জ্যামিতিক আকাৰত সাজি ১০১ গছ তেলৰ বান-ফাই জ্বলোৱা হয়। চিংকৰা আৰু অন্যান্য ফুলেৰে এশ এপাহ ফুলৰ মালা ইজনে সিজনক পিন্ধোৱাৰ লগতে কইনাই দৰাক ফুল-থুৰীয়া তামোল আৰু হেংদান অৰ্পণ কৰে।
https://as.wikipedia.org?curid=4995
𝐓𝐀𝐋𝐄𝐒 𝐅𝐑𝐎𝐌 𝐓𝐇𝐄 𝐇𝐈𝐆𝐇𝐋𝐀𝐍𝐃𝐒
#ARUNACHALPRADESH

গোষ্ঠীগত বৈচিত্ৰ্যৰ ক্ষেত্ৰত উত্তৰ-পূবৰ ৰাজ্যকেইখন গোটেই দেশৰ ভিতৰতে অতুলনীয়। ইয়াৰে মাজত অৰুণাচল প্ৰদেশক জাকত-জিলিকা বুলি ক'ব পাৰি। ৰাজ্যখন আপাতানি, ম'নপা, নিচি, ছেৰ্ডুকপেন আদি বিশটা প্ৰধান জনগোষ্ঠীৰ লোকৰ বসতিস্থান। এই জনগোষ্ঠীসমূহৰ ভালেসংখ্যক উপ-জনগোষ্ঠী আছে আৰু তেওঁলোকৰ মাজত সংস্কৃতিৰ এক বৰণীয়া বিভিন্নতা দেখা পোৱা যায়। কাৰিকৰী শিল্পনৈপুণ্য অৰুণাচলৰ জনগোষ্ঠীয় লোকসকলৰ অন্যতম বৈশিষ্ট্য।
https://as.wikipedia.org?curid=28965
𝐓𝐀𝐋𝐄𝐒 𝐅𝐑𝐎𝐌 𝐓𝐇𝐄 𝐇𝐈𝐆𝐇𝐋𝐀𝐍𝐃𝐒
#ASSAM

নৰকাসুৰ আছিল পৌৰাণিক অসম অৰ্থাৎ প্ৰাগজ্যোতিষপুৰৰ নৃপতি। তেওঁক এৰি অসমৰ ইতিহাস অসম্পূৰ্ণ বুলিব পাৰি। কিয়নো কামৰূপ শাসন কৰা প্ৰতাপী ৰাজবংশসমূহৰ কেইবাটাও নৰকাসুৰৰ উত্তৰসূৰী বুলি গণ্য কৰা হয়। কিংবদন্তি অনুসৰি নীলাচল পাহাৰত কামাখ্যা দেৱীক দেখা পাই নৰকাসুৰে বিবাহৰ প্ৰস্তাৱ দিয়ে। কামাখ্যাই চৰ্ত ৰাখে যে পাহাৰৰ ওপৰত থকা তেওঁৰ মন্দিৰৰ খটখটি এৰাতিৰ ভিতৰত বন্ধাই দিব পাৰিলে তেওঁ এই প্ৰস্তাৱ গ্ৰহণ কৰিব। কথামতেই নৰকাসুৰে ৰাতিটোৰ ভিতৰতে খটখটিৰ কাম সম্পূৰ্ণ কৰাৰ পথত আগবঢ়াত দেৱীয়ে চলেৰে কুকুৰা এটাৰ হতুৱাই ডাক দিয়াই সময় নৌহওঁ‌তেই ফেঁ‌হুজালিৰ সূচনা দিয়ে। ৰামায়ণ আৰু মহাভাৰততো আমি প্ৰাগজ্যোতিষপুৰৰ ৰজা নৰকাসুৰ আৰু তেওঁৰ পুত্ৰ ভগদত্তৰ উল্লেখ পাওঁ‌। শ্ৰীকৃষ্ণৰ সৈতে নৰকাসুৰৰ যুঁজে ভাৰতৰ ইতিহাসত আৰ্য আৰু অনাৰ্যসকলৰ সংঘাতৰ কথাকো সূচায় বুলি বিভিন্নজনে মত প্ৰকাশ কৰে। কালিকা পুৰাণত নৰকাসুৰৰ সৈতে জড়িত কিংবদন্তিসমূহ আটাইতকৈ বেছি বৰ্ণনা কৰা হৈছে।
https://as.wikipedia.org?curid=4873
𝐓𝐀𝐋𝐄𝐒 𝐅𝐑𝐎𝐌 𝐓𝐇𝐄 𝐇𝐈𝐆𝐇𝐋𝐀𝐍𝐃𝐒
#ASSAM #JORHAT

বালিগাঁ‌ৱৰ চৰণীয়া পথাৰত গৰখীয়াহঁ‌তে ধেমালিতে দ'ল সাজি বিৰিণাৰ পাতেৰে ফৰিং বলি দিছিল। এদিন ফৰিং যোগাৰ দিয়াৰ পাল পৰা গৰখীয়াই যথাসময়ত বলি সাজু কৰাব নোৱাৰিলে। দলপতিয়ে ক'লে- শাস্তি হওক গৰখীয়াৰ। তেওঁকেই বলি দিয়া হওক বালিৰে সজা দ'লৰ আগত। কথামতেই গৰখীয়াৰ ডিঙিত ৰখা হ'ল বিৰিণাৰ পাত। কিন্তু ইয়াৰ পিছত কি ঘটিল? যোৰহাট জিলাৰ ঐতিহাসিক গৰখীয়া দ'লৰ বিষয়ে সবিশেষ পঢ়ক।
https://as.wikipedia.org?curid=5347
𝐓𝐀𝐋𝐄𝐒 𝐅𝐑𝐎𝐌 𝐓𝐇𝐄 𝐇𝐈𝐆𝐇𝐋𝐀𝐍𝐃𝐒
#ASSAM #TINSUKIA

তৈলনগৰী ডিগবৈত অৱস্থিত এই সমাধিক্ষেত্ৰত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ ২০০ গৰাকী সৈনিকৰ সমাধি আছে আৰু ই তিনিচুকীয়া জিলাৰ উল্লেখনীয় পৰ্যটন ক্ষেত্ৰসমূহৰ ভিতৰত এখন। প্ৰতি বছৰে নৱেম্বৰ মাহৰ দ্বিতীয় শনিবাৰে এই ঠাইত সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠিত কৰা হয়। অসমীয়া ভাষাত ডিগবৈ যুদ্ধ সমাধিক্ষেত্ৰৰ বিষয়ে তলৰ লিংকটোতেই অধিক পঢ়িব পাৰিব। 👇🏼
https://as.wikipedia.org?curid=55718
আজি মাজনিশাৰ পৰা দ্বিতীয় ভাৰতীয় ৱিকিউৎস প্ৰতিযোগিতা আৰম্ভ হ'ব। আহক, এই প্ৰতিযোগিতাৰ সুযোগতে কেইখনমান অসমীয়া গ্ৰন্থৰ ডিজিটাইজেচন কৰোঁ আৰু ইণ্টাৰনেটৰ জগতত অসমীয়া ভাষাক সমৃদ্ধ কৰোঁ! যিসকল স্বেচ্ছাসেৱীয়ে এতিয়ালৈকে নিজৰ নাম অন্তৰ্ভুক্ত কৰা নাই তেওঁলোকে ততালিকে কৰক আৰু বিজয়ীসকলে আকৰ্ষণীয় পুৰস্কাৰ লাভ কৰক!
https://meta.wikimedia.org/wiki/Indic_Wikisource_Proofreadthon_2020
𝐓𝐀𝐋𝐄𝐒 𝐅𝐑𝐎𝐌 𝐓𝐇𝐄 𝐇𝐈𝐆𝐇𝐋𝐀𝐍𝐃𝐒
#ASSAM #KARBI

মৃতকৰ আত্মাৰ সদগতিৰ অৰ্থে অসমৰ বিভিন্ন জনগোষ্ঠীয়ে স্বকীয় কিছু নিয়ম-নীতি বা অনুষ্ঠান পালন কৰে। কাৰ্বিসকলৰ আড়ম্বৰপূৰ্ণ চ'মাংকান এনে এক অনুষ্ঠান। তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা এই অনুষ্ঠানত এগৰাকী পেছাদাৰী কান্দনী অৰ্থাৎ কাচাৰ্হেপীয়ে সুৰ লগাই শোকগীতসমূহ পৰিৱেশন কৰে। চ'মাংকানত মৃতকৰ মংগলাৰ্থে গীত-নৃত্য কৰাৰ লগতে গাহৰি, কুকুৰা আদিও কটা হয়।
https://as.wikipedia.org?curid=25930
𝐓𝐀𝐋𝐄𝐒 𝐅𝐑𝐎𝐌 𝐓𝐇𝐄 𝐇𝐈𝐆𝐇𝐋𝐀𝐍𝐃𝐒
#MIZORAM

মিজোৰামত প্ৰচলিত ঙাহ ল'ও ডৰ প্ৰথাৰ কথা আপুনি জানে নে? এই ব্যৱস্থাটোত পথৰ কাষৰ বিপণীসমূহত কোনো বিক্ৰেতা নাথাকে। গ্ৰাহকে নিজেই নিৰ্ধাৰিত মূল্য পৰিশোধ কৰি পছন্দ অনুসৰি সামগ্ৰী ক্ৰয় কৰি নিব পাৰে। ধনৰ বাকচসমূহো বিপণীত মুকলিকৈ ৰখা হয়। গ্ৰাহক আৰু ক্ৰেতাৰ পাৰস্পৰিক বিশ্বাসৰ মাজেৰে এনেদৰে প্ৰচলিত বজাৰ-ব্যৱস্থা সমগ্ৰ বিশ্বতে বিৰল।
https://as.wikipedia.org?curid=64550
𝐓𝐀𝐋𝐄𝐒 𝐅𝐑𝐎𝐌 𝐓𝐇𝐄 𝐇𝐈𝐆𝐇𝐋𝐀𝐍𝐃𝐒
#ASSAM #DIBRUGARH

উৰিষ্যাৰ পুৰীত অৱস্থিত জগন্নাথ মন্দিৰক আৰ্হি হিচাপে লৈ নিৰ্মাণ কৰা ডিব্ৰুগড়ৰ দৃষ্টিনন্দন জগন্নাথ মন্দিৰ জিলাখনৰ এক উল্লেখযোগ্য পৰ্যটনস্থলী। কলিংগ স্থাপত্যশৈলীৰ এই মন্দিৰটোৰ মূল শিখৰৰ উচ্চতা প্ৰায় ৮৫ ফুট। মন্দিৰৰ মূল উপাস্য মহাপ্ৰভু জগন্নাথৰ লগতে বলভদ্ৰ, সুভদ্ৰা, শিৱ, গণেশ, হনুমান আৰু দেৱীৰ মন্দিৰকে ধৰি মন্দিৰ প্ৰাংগনত মুঠ সাতটা মন্দিৰ আছে। মন্দিৰৰ চাৰিওকাষৰ দেৱালত কৃষ্ণলীলা আৰু পুৰাণৰ দৃশ্যসমূহৰ ভাস্কৰ্য দৰ্শনাৰ্থীৰ বাবে অন্যতম আকৰ্ষণ।
https://as.wikipedia.org?curid=64559
𝐓𝐀𝐋𝐄𝐒 𝐅𝐑𝐎𝐌 𝐓𝐇𝐄 𝐇𝐈𝐆𝐇𝐋𝐀𝐍𝐃𝐒
#MEGHALAYA #ASSAM #NAGALAND

অতীজৰেপৰা আমাৰ উত্তৰ-পূব ভাৰতৰ অৰ্থনীতি কৃষিৰ ওপৰতে নিৰ্ভৰশীল। কৃষিকাৰ্যক কেন্দ্ৰ কৰিয়েই আমাৰ সমাজ-সংস্কৃতি, লোকাচাৰ আৰু উৎসৱ-পাৰ্বনসমূহে গঢ় লৈ উঠিছে। গাৰোসকলে পালন কৰা এনে এক কৃষিভিত্তিক উৎসৱ হৈছে ৱাংগালা। দুই-তিনিদিনৰপৰা আৰম্ভ কৰি এসপ্তাহপৰ্যন্ত চলা এই উৎসৱত বিভিন্ন লোকাচাৰ পালন কৰি গীত-নৃত্য কৰা হয়। উৎসৱৰ পাছত, তেওঁলোকে কৃষিৰ উৎপাদন সহায় কৰা সূৰ্য দেৱতা মিচি ছালজোংৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। https://as.wikipedia.org?curid=64775
𝐓𝐀𝐋𝐄𝐒 𝐅𝐑𝐎𝐌 𝐓𝐇𝐄 𝐇𝐈𝐆𝐇𝐋𝐀𝐍𝐃
#ASSAM

অসমৰ প্ৰতিটো অঞ্চলৰে খাদ্যাভ্যাস ভিন্ন হ'লেও শদিয়াৰ পৰা ধুবুৰীলৈকে অসমীয়া আখলঘৰত সততে উপলব্ধ উপকৰণসমূহৰ ভিতৰত অন্যতম হৈছে আলু পিটিকা। বিভিন্ন প্ৰকাৰে প্ৰস্তুত কৰা আলু পিটিকাই অসমৰ সৰল পৰম্পৰাগত ৰন্ধনশৈলীক প্ৰতিনিধিত্ব কৰে।
https://as.wikipedia.org?curid=66340
𝐓𝐀𝐋𝐄𝐒 𝐅𝐑𝐎𝐌 𝐓𝐇𝐄 𝐇𝐈𝐆𝐇𝐋𝐀𝐍𝐃𝐒
#ASSAM #ARUNACHALPRADESH

পুৰণি অসমৰ শক্তি পূজাৰ ইতিহাসৰ পাত লুটিয়ালে এই কথা ভাবি বিস্মিত হ'ব লাগে যে অসম-অৰুণাচল সীমান্তৰ কেঁচাই খাইতি শালত এসময়ত নৰবলিৰ দৰে গা-শিঁ‌য়ৰি উঠা পৰম্পৰাও প্ৰচলিত আছিল। অগণন ছিন্নমস্তা ভোগীৰ ৰক্তৰ অৰ্ঘ্য এই উগ্ৰৰূপী গোঁ‌সানীলৈ আগবঢ়োৱাৰ বাবেই তেওঁ জনাজাত আছিল কেঁ‌চাই খাইতি নামেৰে। মন্দিৰৰ মূধচভাগ তামেৰে নিৰ্মিত বাবে সম্ভৱতঃ কেঁ‌চাই খাইতি গোঁ‌সানীয়ে তাম্ৰেশ্বৰী নাম পায়। কোনে সজাইছিল এই মন্দিৰ? কেতিয়া অন্ত পৰে এই নৰবলি প্ৰথা? এই কথাৰ বিৱৰণ পঢ়ি চাওঁ‌ আহক।
https://as.wikipedia.org?curid=64512
𝐓𝐀𝐋𝐄𝐒 𝐅𝐑𝐎𝐌 𝐓𝐇𝐄 𝐇𝐈𝐆𝐇𝐋𝐀𝐍𝐃𝐒
#ASSAM #BAKSA #CHIRANG #KOKRAJHAR #UDALGURI

ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু বড়ো জনগোষ্ঠীৰ নেতৃবৰ্গৰ মাজত ২০২০ চনৰ ২৭ জানুৱাৰী তাৰিখে ঐতিহাসিক ত্ৰিপাক্ষিক বড়ো চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিখন হৈছে বড়ো আৰু চৰকাৰৰ মাজত সম্পন্ন হোৱা তৃতীয়খন চুক্তি। ইয়াৰ পূৰ্বে ১৯৯৩ চনত আৰু ২০০৩ চনত বড়ো চুক্তি স্বাক্ষৰিত হৈছিল। ১৯৯৩ চনৰ চুক্তিখনৰ দ্বাৰা বড়োলেণ্ড স্বায়ত্ত্বশাসিত পৰিষদ গঠন হৈছিল আৰু ২০০৩ চনৰ চুক্তিখনৰ জৰিয়তে অসমৰ চাৰিখন জিলা সামৰি বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্টছ বা বিটিএডি গঠন হৈছিল। নতুন চুক্তি অনুযায়ী বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্টৰ নাম সলাই বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিয়ন বা চমুকৈ বিটিআৰ ৰখা হয়। এই চুক্তিৰ খচৰাত আৰু কি কি আছে? নতুনকৈ কোনকেইখন জিলা বিটিআৰৰ অধীনলৈ আহিব? ভূমিৰ অধিকাৰ আৰু জনজাতীয় ভাষা-সংস্কৃতিৰ স্বকীয়তা ৰক্ষাৰ ক্ষেত্ৰত এই চুক্তিৰ গুৰুত্ব কি? এই বিষয়ে পঢ়িবলৈ ক্লিক কৰক।
https://as.wikipedia.org?curid=59427
𝐓𝐀𝐋𝐄𝐒 𝐅𝐑𝐎𝐌 𝐓𝐇𝐄 𝐇𝐈𝐆𝐇𝐋𝐀𝐍𝐃𝐒
#MANIPUR

অলিম্পিকত ভাৰোত্তোলনত ৰূপৰ পদক অৰ্জন কৰা মীৰাবাইয়েই হৈছে প্ৰথমগৰাকী ভাৰতীয়৷ তেখেতে সৰ্বমুঠ ২০২ কেজি ওজনৰ ভাৰ উত্তোলন কৰে৷ মহিলাৰ ভাৰোত্তোলনত বিজয়ৰ মুকুট পিন্ধা মীৰাবাই চানু হৈছে দ্বিতীয়গৰাকী ভাৰতীয় ভাৰোত্তোলক৷ ইয়াৰ আগতে কৰ্ণম মালেশ্বৰীয়ে অলিম্পিকৰ ভাৰোত্তোলনৰ শাখাত পদক জয় কৰিছিল৷ ভাৰোত্তোলনৰ ক্লিন এণ্ড জাৰ্কত ১১৫ কেজিৰ ভাৰ সফলভাৱে উত্তোলন কৰি মীৰাবাইয়ে নতুন অলিম্পিক অভিলেখ গঢ়ে৷ খেলুৱৈগৰাকীৰ বিষয়ে অধিক জানিবলৈ তলৰ লিংকত ক্লিক কৰক।
https://as.wikipedia.org?curid=50885
অন্ত পৰিল ভাৰতীয় ৱিকিউৎসৰ মুদ্ৰণ সংশোধন প্ৰতিযোগিতা, মাৰ্চ ২০২২

ৱিকিউৎস প্ৰকল্পত অনলাইন ক্ৰিয়াকলাপ প্ৰচাৰ কৰাৰ উদ্দেশ্যে চিআইএছ-এ২কে সংস্থাই ভাৰতীয় ৱিকিউৎসসমূহৰ বাবে প্ৰতিবছৰে আয়োজন কৰি আহিছে “সৰ্বভাৰতীয় ৱিকিউৎস মুদ্ৰণ সংশোধন প্ৰতিযোগিতা”।

সকলো ভাৰতীয় ৱিকিউৎস প্ৰকল্পত মুদ্ৰণ সংশোধন কৰিবলৈ ৰাজহুৱা ক্ষেত্ৰত উপলব্ধ এলানি গ্ৰন্থ নিৰ্বাচন কৰা হয়। অসমীয়া, বাংলা, হিন্দী, সংস্কৃতকে ধৰি মুঠ ১২ টা ভাষাৰ ৱিকিউৎসৰ মুঠ ১০০ জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা ২০২২ বৰ্ষৰ মাৰ্চ মাহৰ প্ৰতিযোগিতাখনিৰ যোৱা ১৬ মাৰ্চ তাৰিখে অন্ত পৰে।
সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত এই প্ৰতিযোগিতাখনিত হিন্দী ভাষাই প্ৰথম স্থান লাভ কৰে আৰু অসমীয়া ভাষাই অধিকাৰ কৰে দ্বিতীয় স্থান। তৃতীয় স্থানত থাকে মাৰাঠী ভাষা। সৰ্বভাৰতীয় পৰ্যায়ত এককভাবে প্ৰথম স্থান লাভ কৰে অসমীয়া ৱিকিউৎসৰ প্ৰাণজ্যোতি নাথে, দ্বিতীয় স্থান লাভ কৰে পঞ্জাবী ভাষাৰ তমনপ্ৰীত কৌৰে আৰু তৃতীয় স্থান লাভ কৰে হিন্দী ভাষাৰ মমতা সাবে।
এই প্ৰতিযোগিতাখনিত অসমীয়া ৱিকিউৎসৰ মুঠ ৩১ খন গ্ৰন্থৰ মুদ্ৰণ সংশোধন কৰা হয় আৰু ইয়াৰে মুঠ ২১ খন গ্ৰন্থৰ মুদ্ৰণ সংশোধন সমাপ্ত কৰি ইউনিক'ডত পঢ়িব পৰাকৈ সম্পূৰ্ণ কৰি তোলা হয়। এই কিতাপ কেইখন হৈছে -
১) বিনন্দ ৰাম গগৈৰ “শিপিনী কীৰ্ত্তন”,
২) ফণিধৰ চলিহাৰ “আৰ্হি-চৰিত”,
৩) কেশৱ বৰাৰ “মাটিৰ মালিতা”,
৪) জোৱলা বৰাৰ “বেদনাৰ মিঠা মাদকতা”,
৫) হৰমোহন দাসৰ “শ্ৰীক্ষেত্ৰ”,
৬) জ্ঞানানন্দ জগতীৰ “সাধু কথাৰ জোলোঙা”,
৭) বেণুধৰ ৰাজখোৱাৰ “দৰবাৰ”,
৮) দুৰ্গেশ্বৰ শৰ্মাৰ “বালীবধ নাটক”,
৯) সৰ্বেশ্বৰ শৰ্মা কটকীৰ “সত্যনাথ বৰাৰ জীৱন চৰিত”,
১০) সৰ্বেশ্বৰ শৰ্মা কটকীৰ সম্পাদিত “অসমীয়া সাহিত্য-সম্পদ”,
১১) সৰ্বেশ্বৰ শৰ্মা কটকীৰ “মূৰলী”,
১২) ৰত্নধৰ বৰুৱা, ঘনশ্যাম বৰুৱা, ৰমাকান্ত বৰকাকতী আৰু গুঞ্জানন বৰুৱাৰ “ভ্ৰম-ৰঙ্গ”,
১৩) কেশৱ বৰাৰ “তৰা ফুল”,
১৪) ঈশান জ্যোতি বৰাৰ “বিজ্ঞান আৰু বোলছবি”,
১৫) মাধৱদেৱৰ “দধি মথন নাট”,
১৬) দীননাথ বেজবৰুৱাৰ “বেজবৰুৱা বংশাৱলী”,
১৭) হৰমোহন দাসৰ “মানৱ জ্যোতি”,
১৮) মহাত্মা গান্ধীৰ “সৰ্ব্বোদয়”,
১৯) জোৱলা বৰাৰ “মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ”
২০) শ্ৰীবিষয়চন্দ্ৰ বিশ্বাসীৰ “পদ্যাৱলী” আৰু
২১) শিবৰাম দত্তৰ “বৈষ্ণব-ৰত্ন কীৰ্ত্তন”।
প্ৰকাশ পালে মে' মাহৰ ৱিকিপত্ৰিকা
https://as.wikipedia.org?curid=80044
অন্য ভাষাৰ ৱিকিপিডিয়াত সেই অঞ্চলৰ পুৰোধা ব্যক্তিসকলৰ প্ৰবন্ধ পঢ়িলে অনুভৱ কৰিব পাৰি যে অসমীয়া ৱিকিপিডিয়াত অসমৰ অগ্ৰণী ব্যক্তিসকলৰ বিষয়ে থকা সৰহভাগ প্ৰবন্ধ তেনেই নিশকতীয়া৷ সেইবাবে এনে কিছু প্ৰবন্ধৰ উন্নীতকৰণৰ উদ্দেশ্যেৰে ২০ জুনৰ পৰা এক এডিটাথন বা অনলাইন সম্পাদনা মাৰাথনৰ আয়োজন কৰা হৈছে৷ ’গৰিয়সী’ আলোচনীৰ ২০২০ চনৰ জানুৱাৰী সংখ্যাত বিংশ শতিকাৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া আৰু আন কুৰিগৰাকী শ্ৰেষ্ঠ অসমীয়াৰ তালিকা প্ৰকাশ পাইছিল। এই বিছদিনীয়া সম্পাদনা মাৰাথনত এইসকল ব্যক্তিৰ বিষয়ে থকা প্ৰবন্ধ উন্নত কৰি পাছত ইংৰাজী ৱিকিতো সংযোগ কৰা হ’ব। অধিক জানিবলৈ তলৰ লিংকটোত ক্লিক কৰক আৰু যোগদান কৰক৷
https://w.wiki/5JM3
ৱিকি লাভ্‌ছ লিটাৰেছাৰ ২০২২

অসমীয়া ৱিকিপিডিয়াত ১ জুলাইৰ পৰা ৱিকি লাভ্‌ছ লিটাৰেছাৰ ২০২২ শীৰ্ষক অনলাইন সম্পাদনা মেলা আৰম্ভ হৈছে। এই সম্পাদনা মেলা ৩১ জুলাইলৈকে চলিব। প্ৰবন্ধসমূহৰ বিষয়বস্তু ভাষা, সাহিত্য বা সাহিত্যিকৰ সৈতে সম্পৰ্ক থকা হ'ব লাগিব। শীৰ্ষ দহগৰাকী অৱদানকাৰীক পুৰস্কৃত কৰা হ'ব। আপুনিও ইয়াত যোগ দিয়ক আৰু অসমীয়া ভাষাৰ সমল বৃদ্ধিত সহভাগী হওক।

লিংক: https://w.wiki/5PHz
Forwarded from Joli Rumi
Happy International women's Day to all of you! The Assamese Wiki community did a feature video highlighting the active women Wikimedians and their work. Sharing here with all of you-